PhonePe Logo
phonepe logo
Business SolutionsPressCareersAbout UsBlogContact UsTrust & Safety
hamburger menu
✕
HomeBusiness SolutionsPressCareersAbout UsBlogContact UsTrust & Safety
Privacy Policy

PhonePeৰ গিফ্ট কাৰ্ড/পুৰস্কাৰ ব্যৱহাৰৰ চৰ্তাৱলী

Englishગુજરાતીதமிழ்తెలుగుमराठीമലയാളംঅসমীয়াবাংলাहिन्दीಕನ್ನಡଓଡ଼ିଆ
< Back
  • PhonePeৰ পুৰস্কাৰ কাৰ্যসূচী
  • পুৰস্কাৰ (কেছবেক)ৰ সীমা

এই নিয়ম আৰু চৰ্তাৱলীয়ে PhonePeএ জাৰি কৰা গিফ্ট কাৰ্ডৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে, যিটো PhonePe প্ৰাইভেট লিমিটেডে (ইয়াৰ পাছত “PhonePe” বুলি কোৱা হ’ব) আগবঢ়োৱা এটা ছেমি ক্ল’জড প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (ইয়াৰ পাছত “PhonePe  গিফ্ট কাৰ্ড” বুলি কোৱা হ’ব) যিটো কোম্পানী আইন, 1956ৰ অধীনত স্থাপিত। PhonePe প্ৰাইভেট লিমিটেডৰ পঞ্জীভুক্ত কাৰ্যালয়ৰ ঠিকনা: অফিচ-2, ফ্ল’ৰ 4,5,6,7, উইং A, ব্লক A, ছালাৰপুৰীয়া ছফ্টজন, ছাৰ্ভিচ ৰোড, গ্ৰীন গ্লেন লে’আউট, বেলাণ্ডুৰ, বাংগালোৰ, ছাউথ বাংগালোৰ, কৰ্ণাটক – 560103, ইণ্ডিয়া। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন নম্বৰ: 98/2016 তাৰিখ 9 ডিচেম্বৰ, 2016।

গিফ্ট কাৰ্ড ক্ৰয় অথবা ব্যৱহাৰ কৰি, আপুনি এই নিয়ম আৰু চৰ্তাৱলীত সন্মত হৈছে আৰু গ্ৰহণ কৰিছে।

  1. ক্ৰয়:
    গিফ্ট কাৰ্ড কেৱল 10,000 টকা পৰ্যন্ত মূল্যৰহে ক্ৰয় কৰিব পাৰি। ব্যৱসায়িক নিয়ম অথবা জালিয়াতি ৰোধ কৰাৰ নিয়মৰ ভিত্তিত PhonePeএ গিফ্ট কাৰ্ডৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰিব পাৰে। আপুনি উপহাৰ-পুৰস্কাৰ, ডেবিট কাৰ্ড অথবা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি PhonePe গিফ্ট কাৰ্ড ক্ৰয় কৰিব পাৰে। ৱালেট অথবা গিফ্ট কাৰ্ডৰ বেলেঞ্চ ব্যৱহাৰ কৰি গিফ্ট কাৰ্ড ক্ৰয় কৰিব নোৱাৰি। সাধাৰণতে গিফ্ট কাৰ্ড তৎক্ষণাত ডেলিভাৰী কৰা হয়। কিন্তু কেতিয়াবা ছিষ্টেমৰ সমস্যাৰ বাবে ডেলিভাৰী 24 ঘণ্টালৈকে পলম হ’ব পাৰে।
  2. সীমাবদ্ধতা:
    যিকোনো অব্যৱহৃত গিফ্ট কাৰ্ডৰ বেলেঞ্চকে ধৰি গিফ্ট কাৰ্ড জাৰি কৰা তাৰিখৰ পৰা এবছৰত ম্যাদ উকলি যায়। গিফ্ট কাৰ্ড পুনৰ ল’ড, পুনৰ বিক্ৰী, মূল্যৰ বাবে স্থানান্তৰ অথবা নগদ ধনৰ বাবে ৰিডীম কৰিব নোৱাৰি। অব্যৱহৃত গিফ্ট কাৰ্ডৰ বেলেঞ্চ অন্য PhonePe একাউণ্টলৈ স্থানান্তৰ কৰা নহ’বও পাৰে। গিফ্ট কাৰ্ড অথবা গিফ্ট কাৰ্ডৰ বেলেঞ্চৰ ওপৰত PhonePeৰ দ্বাৰা কোনো সুত প্ৰদান কৰা নহ’ব।
  3. ৰিডীম কৰা:
    গিফ্ট কাৰ্ড কেৱল PhonePe প্লেটফৰ্মত যোগ্য ব্যৱসায়ীসকলৰ লেনদেনৰ ক্ষেত্ৰতহে ৰিডীম কৰিব পাৰি। ক্ৰয়ৰ পৰিমাণ ব্যৱহাৰকাৰীৰ গিফ্ট কাৰ্ডৰ বেলেঞ্চৰ পৰা কৰ্তন কৰা হয়। যিকোনো অব্যৱহৃত গিফ্ট কাৰ্ডৰ বেলেঞ্চ ব্যৱহাৰকাৰীৰ PhonePe একাউণ্টৰ সৈতে জড়িত হৈ থাকিব আৰু ম্যাদ উকলি যোৱাৰ ক্ৰম অনুসৰি ক্ৰয়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। যদি কোনো ক্ৰয় ব্যৱহাৰকাৰীৰ গিফ্ট কাৰ্ডৰ বেলেঞ্চ অতিক্ৰম কৰে, তেন্তে বাকী থকা ধনৰাশি আন যিকোনো উপলব্ধ পদ্ধতিৰে পৰিশোধ কৰিব লাগিব। গিফ্ট কাৰ্ড ৰিডীম কৰাৰ ক্ষেত্ৰত কোনো ব্যৱহাৰকাৰী মাচুল প্ৰযোজ্য নহয় অথবা পৰিশোধ কৰিব নালাগে।
  4. প্ৰৱঞ্চনা:
    যদি কোনো গিফ্ট কাৰ্ড হেৰাই যায়, চুৰি হয়, ধ্বংস হয় অথবা অনুমতি অবিহনে ব্যৱহাৰ হয় তেন্তে PhonePe দায়ী নহয়। যদিহে জালিয়াতিৰে লাভ কৰা গিফ্ট কাৰ্ড ৰিডীম কৰা হয় আৰু/বা PhonePe প্লেটফৰ্মত ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা হয় তেন্তে PhonePeৰ গ্ৰাহকৰ একাউণ্ট বন্ধ কৰাৰ আৰু পৰিশোধৰ বৈকল্পিক প্ৰকাৰৰ পৰা পৰিশোধ আদায় কৰাৰ অধিকাৰ থাকিব। PhonePe জালিয়াতি ৰোধ কৰা নীতিয়ে PhonePe প্লেটফৰ্মত গিফ্ট কাৰ্ড ক্ৰয় আৰু ৰিডীম কৰা দুয়োটাকে সাঙুৰি ল’ব। জালিয়াতি ৰোধ কৰা নীতিৰ দ্বাৰা সন্দেহজনক বুলি গণ্য কৰা লেনদেনসমূহ PhonePeৰ দ্বাৰা অনুমোদিত নহ’বও পাৰে। PhonePeএ জালিয়াতিৰে লাভ কৰা/ক্ৰয় কৰা গিফ্ট কাৰ্ড বাতিল কৰাৰ অধিকাৰ সংৰক্ষণ কৰে আৰু আমাৰ জালিয়াতি ৰোধ কৰা ব্যৱস্থাই উপযুক্ত বুলি বিবেচনা কৰা সন্দেহজনক একাউণ্টসমূহত বাধা আৰোপ কৰে।
  5. প্ৰি-পেইড সঁজুলি:
    আপুনি এই কথাত সন্মত আৰু বুজি পায় যে গিফ্ট কাৰ্ড হৈছে RBIৰ নিয়মৰ অধীনত প্ৰি-পেইড পৰিশোধ কৰাৰ সঁজুলি। RBIৰ নিৰ্দেশনা অনুসৰি PhonePe প্ৰাইভেট লিমিটেডে গিফ্ট কাৰ্ডৰ ক্ৰেতা/ৰিডীমাৰৰ KYCৰ সবিশেষ আৰু/বা গিফ্ট কাৰ্ড ক্ৰয় আৰু/বা গিফ্ট কাৰ্ড ব্যৱহাৰ কৰি কৰা লেনদেনৰ সৈতে জড়িত অন্য কোনো তথ্য RBI অথবা এনে বিধিগত কৰ্তৃপক্ষৰ সৈতে শ্বেয়াৰ কৰিব লাগিব। PhonePe প্ৰাইভেট লিমিটেডে এনে কোনো তথ্যৰ বাবে গিফ্ট কাৰ্ডৰ ক্ৰেতা/ৰিডীমাৰৰ সৈতে যোগাযোগ কৰিব পাৰে।

PhonePeৰ পুৰস্কাৰ কাৰ্যসূচী

arrow icon

PhonePeএ সময়ে সময়ে ব্যৱহাৰকাৰীসকলক পুৰস্কাৰ হিচাপে ইনচেণ্টিভ প্ৰদান কৰিব পাৰে যাক তেওঁলোকে উপযুক্ত বুলি ভবা ধৰণে ৰিডীম কৰিব পাৰে।

ইয়াৰ সন্দৰ্ভত PhonePe ব্যৱহাৰ কৰিবলৈ সন্মত হৈ, PhonePe সেৱাসমূহৰ এগৰাকী ব্যৱহাৰকাৰীয়ে তলত দিয়া নিয়ম আৰু চৰ্তাৱলীৰ সৈতে সন্মত হয়:

  1. PhonePeএ সময়ে সময়ে PhonePeএ সিদ্ধান্ত লোৱাৰ দৰে ইয়াৰ আভ্যন্তৰীণ নীতি অনুসৰি ব্যৱহাৰকাৰীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ অধিকাৰ থাকে।
  2. কেছবেক পুৰস্কাৰৰ বাবে, কেছবেক বঁটা আৰু ব্যৱহাৰৰ বাবে প্ৰযোজ্য সকলো PhonePe নিয়ম আৰু চৰ্তাৱলী প্ৰযোজ্য হৈ থাকিব (প্ৰসংগ: PhonePeৰ নিয়ম আৰু চৰ্তাৱলীত থকা ‘কেছবেক / ৱালেট বেলেঞ্চ সীমা’)।
  3. PhonePeএ কোনো জাননী/অৱগত নকৰাকৈ, সময়ে সময়ে সন্দেহজনক অথবা প্ৰৱঞ্চনামূলক কাৰ্যকলাপ চিনাক্ত কৰিলে ব্যৱহাৰকাৰীৰ একাউণ্টৰ পৰা পুৰস্কাৰ (ৰিডীম কৰাৰ পূৰ্বে অথবা পাছত) ঘূৰাই অনাৰ অধিকাৰ থাকে।
  4. PhonePeৰ দ্বাৰা পুৰস্কাৰ জাৰি কৰাৰ পাছত, এগৰাকী ব্যৱহাৰকাৰীয়ে এনে পুৰস্কাৰ দাবী কৰিব লাগিব (যেনে পুৰস্কাৰটো স্ক্ৰেচ কৰা)। এনে ব্যৱহাৰকাৰীক স্ক্ৰেচ কাৰ্ড দিয়াৰ/প্ৰদান কৰাৰ পৰা ত্ৰিশ (30) দিনৰ ভিতৰত কোনো ব্যৱহাৰকাৰীয়ে দাবী নকৰা যিকোনো পুৰস্কাৰ জব্দ/বাতিল কৰা হ’ব।
  5. পুৰস্কাৰটোৰ কোনো ধৰণেৰে গেৰাণ্টী দিয়া নহয়।
  6. যদি আপুনি পুৰস্কাৰ লাভ কৰে, তেন্তে পুৰস্কাৰৰ হিচাপে লাভ কৰা ধনৰাশি আপোনাৰ PhonePe একাউণ্টত PhonePe উপহাৰ ভাউচাৰ হিচাপে জমা কৰা হ’ব।
  7. PhonePeএ আপোনাৰ ব্যক্তিগত তথ্যসমূহ আপোনাৰ পৰা অতিৰিক্ত সন্মতি অথবা ক্ষতিপূৰণ অবিহনে প্ৰচাৰৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব পাৰে।
  8. এই অফাৰ তামিলনাডু ৰাজ্যত (তামিলনাডু বঁটা আঁচনি (নিষেধাজ্ঞা) আইন 1979ৰ বাবে) আৰু অন্যান্য ৰাজ্যত য’ত আইনৰ দ্বাৰা নিষিদ্ধ কৰা হয় তাত উপলব্ধ নহয়।
  9. যিকোনো অফাৰত গ্ৰাহকৰ অংশগ্ৰহণে প্ৰতিটো অফাৰৰ সৈতে জড়িত সম্পূৰ্ণ নিয়ম আৰু চৰ্তাৱলীৰ প্ৰতি তেওঁলোকৰ বুজাবুজি আৰু সন্মতি নিশ্চিত কৰে।

পুৰস্কাৰ (কেছবেক)ৰ সীমা

arrow icon

যদি আপুনি কেছবেকৰ অধিকাৰী হয়, তেন্তে আপুনি PhonePe উপহাৰ ভাউচাৰৰ সমান ধন গ্ৰহণ কৰিবলৈ সন্মত হৈছে।

PhonePe উপহাৰ ভাউচাৰবোৰ 1 বছৰৰ বাবে মান্য হ’ব আৰু প্ৰতিটো উপহাৰ ভাউচাৰৰ সৰ্বোচ্চ সীমা (লিমিট) 10,000 টকা। PhonePeৰ নিজৰ বিবেচনা অনুসৰি আপোনাৰ ভাউচাৰৰ মান্যতাৰ সময়সীমা বৃদ্ধি কৰাৰ অধিকাৰ থাকে।

PhonePeৰ সামগ্ৰিক প্ৰযোজ্য সীমাৰ ভিতৰত অতিৰিক্ত ধনৰ সীমা আৰোপ কৰাৰ অধিকাৰ থাকে।

PhonePeএ সময়ে সময়ে সিদ্ধান্ত লোৱা আভ্যন্তৰীণ নীতি অনুসৰি PhonePeৰ অফাৰ আৰু আনুষংগিক সুবিধাসমূহ প্ৰদান কৰাৰ অধিকাৰ থাকে।

মই লেনদেন কৰা ধন ঘূৰাই পোৱা/বাতিল কৰাৰ ক্ষেত্ৰত কি হয়?

কোনো ধৰণৰ বাতিলকৰণৰ ক্ষেত্ৰত লেনদেনৰ ওপৰত দিয়া কেছবেক উপহাৰ ভাউচাৰৰ বেলেঞ্চ হিচাপে থাকিব আৰু আপোনাৰ বেংক একাউণ্টলৈ উইড্ৰ কৰিব নোৱাৰিব। ইয়াক PhonePeত ব্যৱহাৰ (ৰিচাৰ্জ, বিল পৰিশোধ আদি) কৰিব পাৰিব।

কেছবেকতকৈ কমকৈ ঘূৰাই পোৱা ধনৰাশি পৰিশোধ কৰাৰ সময়ত ব্যৱহৃত ধনৰ উৎসলৈ ঘূৰাই দিয়া হ’ব।

কেছবেক উপহাৰ ভাউচাৰক ৰিচাৰ্জ, বিল পৰিশোধ আৰু PhonePe অংশীদাৰ প্লেটফ’ৰ্ম/ষ্ট’ৰত পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।

কেছবেক উপহাৰ ভাউচাৰ কোনো লিংক কৰা বেংক একাউণ্টলৈ উইড্ৰ কৰিব নোৱাৰিব অথবা আন গ্ৰাহকলৈ হস্তান্তৰ কৰিব নোৱাৰিব।

PhonePeত প্ৰদান কৰা সকলো অফাৰত এগৰাকী ব্যৱহাৰকাৰীয়ে প্ৰতি বিত্তীয় বৰ্ষত (অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে) সৰ্বোচ্চ ₹9,999 পৰ্যন্ত উপাৰ্জন কৰিব পাৰে

ই-ভাউচাৰ ক’ড দৃশ্যমান নহ’লে আৰু স্ক্ৰীণত এটা আসোঁৱাহ বাৰ্তা দেখা পালে কি হ’ব?

কাৰিকৰী আসোঁৱাহৰ বাবে হয়তো ই-ভাউচাৰ ক’ড দৃশ্যমান হোৱা নাই আৰু সেয়েহে অফাৰটোৰ সুবিধা ল’ব নোৱাৰিব পাৰে। অনুগ্ৰহ কৰি চিন্তা নকৰিব। মাত্ৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ কল কৰক আসোঁৱাহ বাৰ্তাৰ বিৱৰণসহ এখন স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি অথবা পঢ়ি জনাওক। এটা সংশোধিত ক’ড প্ৰদান কৰা হ’ব অথবা আপোনাক এটা বৈকল্পিক কুপন/সমতুল্য অফাৰ প্ৰদান কৰা হ’ব।

PhonePe Logo

Business Solutions

  • Payment Gateway
  • Guardian by PhonePe
  • Express Checkout
  • PhonePe Switch
  • Offline Merchant
  • Advertise on PhonePe
  • SmartSpeaker
  • Phonepe Lending
  • POS Machine

Insurance

  • Motor Insurance
  • Bike Insurance
  • Car Insurance
  • Health Insurance
  • Arogya Sanjeevani Policy
  • Life Insurance
  • Term Life Insurance
  • Personal Accident Insurance
  • Travel Insurance
  • Domestic Travel Insurance
  • International Travel Insurance

Investments

  • 24K Gold
  • Liquid Funds
  • Tax Saving Funds
  • Equity Funds
  • Debt Funds
  • Hybrid Funds

General

  • About Us
  • Careers
  • Contact Us
  • Press
  • Ethics
  • Report Vulnerability
  • Merchant Partners
  • Blog
  • Tech Blog
  • PhonePe Pulse

Legal

  • Terms & Conditions
  • Privacy Policy
  • Grievance Policy
  • How to Pay
  • E-Waste Policy
  • Trust & Safety
  • Global Anti-Corruption Policy

Certification

Sisa Logoexternal link icon

See All Apps

Download PhonePe App Button Icon
LinkedIn Logo
Twitter Logo
Fb Logo
YT Logo
© 2024, All rights reserved
PhonePe Logo

Business Solutions

arrow icon
  • Payment Gateway
  • Guardian by PhonePe
  • Express Checkout
  • PhonePe Switch
  • Offline Merchant
  • Advertise on PhonePe
  • SmartSpeaker
  • Phonepe Lending
  • POS Machine

Insurance

arrow icon
  • Motor Insurance
  • Bike Insurance
  • Car Insurance
  • Health Insurance
  • Arogya Sanjeevani Policy
  • Life Insurance
  • Term Life Insurance
  • Personal Accident Insurance
  • Travel Insurance
  • Domestic Travel Insurance
  • International Travel Insurance

Investments

arrow icon
  • 24K Gold
  • Liquid Funds
  • Tax Saving Funds
  • Equity Funds
  • Debt Funds
  • Hybrid Funds

General

arrow icon
  • About Us
  • Careers
  • Contact Us
  • Press
  • Ethics
  • Report Vulnerability
  • Merchant Partners
  • Blog
  • Tech Blog
  • PhonePe Pulse

Legal

arrow icon
  • Terms & Conditions
  • Privacy Policy
  • Grievance Policy
  • How to Pay
  • E-Waste Policy
  • Trust & Safety
  • Global Anti-Corruption Policy

Certification

Sisa Logo

See All Apps

Download PhonePe App Button Icon
LinkedIn Logo
Twitter Logo
Fb Logo
YT Logo
© 2024, All rights reserved